ৰাতি বাঁহী বাই

কোনে মোক কন্দুৱায়

কেতেকীৰ পাহি ভাঙি

কোমল সুবাস সানি

মন চুই যায় ।

 

আকাশৰ ইমান তৰাই

আলফুলে চোঁৱৰ বুলাই

মোক নিচুকায়, মোক নিচুকায়

বাঁহী বাই অকাৰণে

মোক কন্দুৱায় ।

 

চিনাকী সুৰৰ বাঁহী

কোনে আজি লুকাই লুকাই

মোৰ বুকুত বজায়, মোৰ বুকুত বজায়

বাঁহীৰ সুৰেৰে মোক কন্দুৱাই

কিনো ভাল পায়, কিনো ভাল পায় ।।